অসমৰ বানক লৈ চিন্তিত শচীন পাইলট…
ৰাজনৈতিক সংকট চলি থকাৰ মাজতে ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে অসমৰ বানক লৈ দূখ প্ৰকাশ কৰে। নিজৰ টুইটাৰ একাউণ্টত শচীন পাইলটে অসমৰ লগতে বিহাৰৰ বান পৰিস্থিতিৰ কথাও উল্লেখ কৰিছে।
অসমৰ প্ৰতি দূখ প্ৰকাশ কৰি তেও কয় যে, কেৱল অসমতে ৬৮ৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে ৩.৬মিলিয়ন মানুহ বানত ক্ষতিগ্ৰস্থ হৈছে। লগতে তেও নিজে প্ৰতিজন ভাৰতীয়কে এই দুৰ্যোগৰ সময়ত অসমৰ বানাক্ৰান্তৰ কাষত থিয় হৈ বন্যাৰ্তক সামৰ্থ অনুসাৰি সহায় কৰাৰ ববে অনুৰোধ জনায়।