বিশ্বৰ দ্বিতীয় বৃহত্তম শক্তি কোম্পানী হিচাপে স্বীকৃতি লাভ কৰিছে ৰিলায়েন্সে…
বিশ্বৰ দ্বিতীয় বৃহত্তম শক্তি কোম্পানী হিচাপে মুকেশ আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্রীয়ে স্বীকৃতি লাভ কৰিছে৷ মুম্বাইস্থিত ৰিলায়েন্স কম্পানীয়ে শুকুৰবাৰে ৪.৩ শতাংশ অর্থাৎ বজাৰ মূল্যৰ ৮ বিলিয়ন মার্কিন ডলাৰ সংযোজন ঘটাই মুঠ বজাৰ মূল্য ১৮৯ বিলিয়ন মার্কিন ডলাৰলৈ উন্নীত কৰে। ইয়াৰ পাছতে কম্পানীতোৱে বিশ্বৰ দ্বিতীয় বৃহত্তম শক্তি কোম্পানী হিচাপে স্বীকৃতি লাভ কৰে৷
উল্লেখ্য যে, ছৌদি আৰবত থকা আৰমকো নামৰ কম্পানীতো হৈছে বিশ্বৰ সর্ববৃহৎ শক্তি কোম্পানী৷ ৰিলায়েন্সৰ গৰাকী উদ্যোগপতি মুকেশ আম্বানিৰ ৰিলায়েন্স জি’ৰ অংশীদাৰিত্ব বিক্রী কৰি বৃহৎ পৰিমাণৰ ধন উপার্জন কৰে। ইয়াৰ পাছতে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মূল পুঁজিতো বৃদ্ধি আৰম্ভ হয়৷ সেই অনুপাতে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শক্তি কোম্পানীটোৱে নিজৰ মূলধন বৃদ্ধি কৰিবলৈ সক্ষম হয়৷