প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হৈছে লাডাখত,
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত লাডাখত। ৰাতিপুৱা ৮ বজাত লাডাখত উপস্থিত হ’লগৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। জানিব পোৱা মতে এই ভ্ৰমণ কালত তেওঁৰ সৈতে চিডিএছ বিপিন ৰাৱট আৰু সেনা প্ৰধান এম এম নৰৱানে যোগদান কৰিছে।
উল্লেখ্য যে, লাডাখৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জম্মু-কাশ্মীৰলৈও যাব। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে LACৰ লগে লগে LoC ৰো অৱস্থাৰ বুজ ল’ব।
ৰাতিপূৱা লাডাখত উপস্থিত হৈয়ে ভাৰতীয় সেনাৰ পাৰা ড্ৰ’পিং অনুশীলন প্ৰত্যক্ষ কৰে মন্ত্ৰী ৰাজনাথ সিঙে। লগতে সেনাৰ অত্যাধুনিক অস্ত্ৰ হাতত লোৱা দেখা গৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংক। মন্ত্ৰী গৰাকীয়ে সেনাৰ মাজত থাকি তেওলোকৰ লগত বৰ্তালাপ কৰা দেখা গৈছে।