---Advertisement---

কাৰাগাৰত আত্মহত্যাৰ চেষ্টা কৰে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জৰিত নলিনীয়ে…

By Nabarun Kumar Dutta

Published On:

কাৰাগাৰত আত্মহত্যাৰ চেষ্টা কৰে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জৰিত নলিনীয়ে…
---Advertisement---

কাৰাগাৰত আত্মহত্যাৰ চেষ্টা কৰে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জৰিত নলিনীয়ে…

সোমবাৰে নিশা আত্মহত্যাৰ অপচেষ্টা কৰে নলিনীয়ে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল নলিনী। বিগত প্ৰায় ২৯বছৰ ধৰি কাৰাবন্দী হৈ আছে নলিনী। তামিলনাডুৰ বেল্লুৰ কাৰাগাৰত বন্দী হৈ থকা নলিনীয়ে আত্মহত্যাৰ অপচেষ্টাৰ কথা ৰাজহুৱা কৰে তেওঁ ৰ অধিবক্তাই।

নলিনীৰ অধিবক্তাই সদৰি কৰা অনুসৰি, কাৰাবন্দী ২৯বছৰ সময়চোৱাত প্ৰথমবাৰৰ বাবে নলিনীয়ে আত্মহত্যাৰ অপচেষ্টা চলায়। তেওঁ লগতে কয়, সোমবাৰে নিশা এগৰাকী কয়দীৰ সৈতে নলিনীৰ কাজিয়া হৈছিল। যাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সেইগৰাকী কয়দীয়ে জেইলাৰক নলিনীৰ বিৰুদ্ধে অভিযোগ দিছিল।

নলিনীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও বিফল হয়। অধিবক্তাই জনোৱা মতে, নলিনীয়ে কিয় আত্মহত্যাৰ চেষ্টা কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্যে যে, নলিনীৰ স্বামীও ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰত কাৰাবন্দী হৈ আছে।

 

Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.comYou can talk to me My email id duttaodin@gmail.com

---Advertisement---

Leave a Comment