ৰাহুল গান্ধীৰ আহ্বান দলীয় নেতা-কৰ্মীক, “অসমৰ বানপীড়িত ৰাইজক সহায় কৰাৰৰ ববে”…
ক্ৰমান্বয়ে জটিল হৈ পৰিছে অসমত বানৰ তাণ্ডৱ। অসমৰ বানৰ পৰিস্থিতক লৈ শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে শনিবাৰে এক টুইট কৰে। এই টুইটত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ দলৰ সকলো কৰ্মীক বানত প্ৰভাৱিত অসমৰ লোকসকলৰ কাষত থিয় হৈ তেওঁলোকক সহায়ৰ কৰিবলৈ আহ্বান জনাইছে।
টুইটত ৰাহুল গান্ধীয়ে লিখিছে, বৰ্তমান সময়ত সমগ্ৰ দেশ অসমৰ সৈতে একেলগে আছে। অসমৰ লোকে নিজৰ সাহসী স্বভাৱৰ ফলত এই জটিল পৰিস্থিতিৰ বিপৰীতে সাহসেৰে থিয় দি আছে। আমি সকলো কংগ্ৰেছ কৰ্যকৰ্তাক আহ্বান জনাইছো এই সময়ত অসমৰ বানপীড়িত সকলো লোকক যাতে আপুনালোকে সহায় কৰে।