প্ৰিয়ংকা গান্ধীয়ে এৰিলে চৰকাৰী বঙলা…
চৰকাৰী গৃহৰ পৰা ওলায় গ’ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি প্ৰিয়ংকা গান্ধীয়ে বাস কৰি আহিছিল এক চৰকাৰী ঘৰত। কংগ্ৰেছ নেত্ৰী গৰাকীক কেন্দ্ৰীয় চৰকাৰে এক আগষ্টলৈকে চৰকাৰী বাসগৃহটো খালী কৰাৰ সময়সীমা বান্ধি দিছিল। অন্যথা শ্ৰীমতী গান্ধীয়ে চৰকাৰী সম্পত্তি সেই ঘৰটোত থকাৰ বিনিময়ত নিৰ্দিষ্ট ভাড়া বহন কৰিব লাগিব বুলিও নিৰ্দেশনা দিছিল কেন্দ্ৰীয় চৰকাৰে।
চৰকাৰৰ আদেশ মৰ্মে অৱশেষত বৃহস্পতিবাৰে খালী কৰি দিলে দীৰ্ঘদিন ধৰি বাস কৰি থকা দিল্লীৰ লোধী অঞ্চলত থকা চৰকাৰী গৃহটো। জানিব পোৱা মতে, কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মধ্য দিল্লীত স্থিত তেখেতৰ নিজ গৃহলৈ যোৱালৈকে গুড়গাঁৱৰ পেন্টহাউচত থাকিব।[jnews_block_2 ]