অসমৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাই অসমলৈ আগবঢ়ালে সহায়ৰ হাত…

অসমৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাই অসমলৈ আগবঢ়ালে সহায়ৰ হাত…

বলিউডৰ মোহময়ী অভিনেত্ৰী অসমৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাই অসমৰ বানাক্ৰান্ত সকলৰ বাবে সহায়ৰ হাত আগবাঢ়ি আহিছে। ৰাজ্যত বান বিধ্বস্ত অঞ্চলৰ লোকসকলৰ বাবে প্ৰিয়ংকা চোপ্ৰাই অসম বান সাহায্য কোষত দান কৰিছে ধন তেওৰ লগত আছে তেওৰ স্বামী নিক জ’নাছ।

ইনষ্টাগ্ৰামযোগে প্ৰিয়ংকা চোপ্ৰাই তেওঁ নিজৰ অনুৰাগীসকলকো অসমৰ বানৰ বাবে সহায়ৰ আহ্বান জনাইছে। ইনষ্টাগ্ৰাম একাউনতত তেও লিখে যে, ‘আমি সকলোৱে এতিয়া ক’ভিডৰ বিৰুদ্ধে যুঁজ দি আছো। অসম বৰ্তমান এক ডাঙৰ সমস্যাৰে যুঁজি আছে। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ লাখ লাখ লোক বানত ককবকাই আছে। তেওঁলোকৰ জীৱন, ভূমি আৰু সম্পত্তিৰ ওপৰত অকল্পনীয় প্রভাৱ পৰিছে। নদ-নদীসমূহৰ বৃদ্ধি পোৱা বাঢ়নি পানীৰ বাবে হাহাকাৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো। জীৱ-জন্তু বোৰৰ ও বানৰ বাবে দুৰৱস্থাই দেখা দিছে। অসমক আমাৰ অকনমান সহায়ৰ প্ৰয়োজন। মই আৰু নিকে ৰাজ্যখনত এই বানৰ বাবে সহায় আগবঢ়োৱা কেইটা মান সংগঠনত দান কৰিছো। আহক আমি সকলোৱে মিলি তেওঁলোকক সহায় কৰো’।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *