“ভাৰতৰ ১ ইঞ্চি মাটিলৈও কোনেও চকু তুলি চাব নোৱাৰে।“ চীনক চৰম সকীয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ:
লাডাখত চীন আৰু ভাৰতৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষৰ পিচত গোতেই ভাৰততে এতিয়া শোকাকূল পৰিস্থিতি বিৰাজ কৰাৰ লগতে ভাৰতীয় নাগৰিকৰ চীনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে।
“ভাৰতে প্ৰতিটো বিষয়তে চীনৰ সৈতে চকুত চকু ৰাখি আগবাঢ়িব। আমি এক ইঞ্চিও ভুমি এৰি নিদিও।“ লাডাখৰ সন্দৰ্ভত আয়োজন কৰা সৰ্বদলীয় বৈঠকত এনেদৰে ক’লে PM Modi য়ে।
লাগতে প্ৰধান মন্ত্ৰীয়ে কয় যে,”সীমান্তৰ নিৰাপত্তা ৰক্ষা কৰিবলৈ সক্ষম ভাৰতীয় সেনা। তেওলোকৰ ওপৰত দেশবাসীৰ সম্পুৰ্ণ বিশ্বাস আছে। কোনো বাহীৰা শক্ৰৰ চাপ সহ্য নকৰে ভাৰতে।“ দেশৰ সুৰক্ষাৰ বাবে যি কৰ’ণীয় সেই সকলো কৰা হ’ব বুলিও বৈঠকত জনালে মোদীয়ে।
প্ৰধান মন্ত্ৰীয়ে জনাই যে “পৰিস্থিতি সাপেক্ষে পদক্ষেপ লবলৈ ভাৰতীয় সেনাক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে।“