পুনৰ গঁড় হত্যা সংঘটিত কাজিৰঙাত…
কাজিৰঙা বনাঞ্চলত বানৰ ফলত বহুতো জীৱৰ দুৰ্গতি হোৱা দেখা গৈছে। বানৰ এই বিভেশিকাৰ মাজতে কাজিৰঙাৰ পৰা আহিল বেয়া খবৰ। পুনৰ গঁড় হত্যা কৰা হ’ল কাজিৰঙা বনাঞ্চলত। চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি কাটি নিলে খৰ্গ। গঁড়টোৰ মৃতদেহ শনিবাৰে কাজিৰঙাৰ মেটকা বিলত উদ্ধাৰ কৰা হয় ।
জানিব পোৱা মতে মৃত গঁড়টোৰ লগতে ৩০৩ ৰাইফলৰ ছয়টাকৈ খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে । এই ঘটনাৰ সন্দৰ্ভত বৰ্তমান তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।
[jnews_block_2 ]