আজি কেজৰিৱালৰ জন্মদিন উপল্লক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে দিলে শুভেচ্ছা…

আজি কেজৰিৱালৰ জন্মদিন উপল্লক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে দিলে শুভেচ্ছা…

দেওবাৰ ১৬আগষ্ট দিনা ৫২বছৰ বয়সত ভৰি দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। জন্মদিন উপল্লক্ষে দেওবাৰে পুৱাৰে পৰাই ছচিয়েল মিডিয়াযোগে অসংখ্য অনুৰাগীয়ে মুখ্যমন্ত্ৰীক জনালে জন্মদিনৰ শুভেচ্ছা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ছচিয়েল মিডিয়াযোগে জন্মদিনৰ শুভেচ্ছা জনালে কেজৰিৱালক। “দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল ডাঙৰীয়া ওপজা দিনত অলেখ শুভকামনা যচাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰিলো” বুলি প্ৰধানমন্ত্ৰীয়ে ছচিয়েল মিডিয়াত প্ৰকাশ কৰে।

প্ৰধান মন্ত্ৰী দিয়া শুভেচ্ছা বাণীৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, কেজৰিৱালক জন্মদিনৰ শুভেচ্ছা বিজেপিৰ কেইবাজনো নেতাই জ্ঞাপন কৰিছে।

[jnews_block_2 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *