এইবাৰ কোৰোনা ভাইৰাছ পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ দেহত, মৰিগাঁওত:
সোমবাৰে মৰিগাঁওৰ এটা পেট্ৰল পাম্পত কৰ্মৰত কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। আক্ৰান্ত কৰ্মচাৰীজনৰ নাম প্ৰদীপ সিং। মৰিগাঁও জিলাৰ বাসিন্দা।
মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ২৩ জুনত তেওঁৰ স্বাৱ সংগ্ৰহ কৰিছিল। পৰীক্ষাৰ অন্তত সোমবাৰে তেওঁৰ কোৰোনা পৰীক্ষাৰ ফলাফল আহে। দূৰ্ভাগ্য বসত তেওৰ দেহত ক’ৰোনা ৰোগ দেখা যায়।
তেওঁ জানিব দিয়া অনুসৰি সোমবাৰৰ পুৱাৰ পৰা কৰ্মচাৰীজনে পেট্ৰ’ল-ডিজেল বিক্ৰী কৰিছিল। বৰ্তমান আৰক্ষী চীল কৰি থলে মৰিগাঁও চাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰ’ল পাম্পটো। এই ঘটনাৰ পিছৰ পৰা মৰিগাওঁ বাসিৰ মাজত আতংক বিৰাজ কৰা দেখা গৈছে।
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]