আজি মুম্বাইৰ পৰা অসম পাবহি পাপন, কিয় অসমলৈ হঠাৎ আহিল পাপন…
অসমৰ লগতে বলিউদৰ গৌৰৱ পাপন মহন্ত হঠাৎ মুম্বাইৰ পৰা আহি পালে অসম। উল্লেখ্য যে গুৰুতৰভাৱে অসুস্থ শিল্পী অৰ্চনা মহন্ত। তেখেতৰ স্বাস্থ্যক লৈ হেল্থ চিটি হাস্পতালৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, তেওঁক বৰ্তমান পৰ্যাপ্ত সকলোখিনি চিকিৎসা প্ৰদান কৰা হৈছে। তেওঁৰ বৰ্তমান স্বাস্থ্য কিছু পৰিমানে সুস্থিৰ পৰিলক্ষিত হৈছে। তেওঁক ডাঃ ঋষু গুপ্তা, চন্দনা শৰ্মা আৰু ব্ৰজেন লহকৰে নিজৰ তত্ত্বাৱধানত ৰাখি চিকিৎসা সেৱা আগবঢ়াই আছে। আই চি ইউতে ৰখা হৈছে শিল্পী অৰ্চনা মহন্তক। জানিব পৰা মতে দুয়োখন ভৰি ভগাৰ ফলত শয্যগত হৈ আছিল শিল্পী অৰ্চনা মহন্ত।
সেয়ে আজি মুম্বাইৰ পৰা অসুস্থ মাতৃৰ কাষলৈ আহিব পুত্ৰ পাপন মহন্ত।