এইবাৰ থানাৰ কনিষ্টবলৰ দেহত ক’ৰোনা ভাইৰাচৰ অৱস্থিতি…
অসমত অব্যাহত ক’ৰোনা মহামাৰীৰ আতংক। গোতেই ৰাজ্যত এতিয়া ক’ৰোনাৰ গ’ণ সংক্ৰমনে দেখা দিছে। চিকিৎসক তথা আৰক্ষীৰ দেহতো এই ভাইৰাচৰ অবস্থিতি পৰিলক্ষিত হৈছে। এইবাৰ কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী থানাৰ এজন কনিষ্টবলৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰিছে।
কনিষ্টবল জনৰ নাম হৈছে নৰেন বৰ্মন।
কামৰূপৰ শিঙিমাৰী কোভিড হাস্পতালত কোভিড–১৯ত আক্ৰান্ত নৰেন বৰ্মনক চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়।
ৰাজ্যত বৰ্তমান প্ৰায় ৩শতাধিক আৰক্ষীৰ লোক আক্ৰান্ত হৈছে ক’ৰোনাত।
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]