ক’ৰোনা পৰীক্ষাৰ ফলাফল পাব অতি সোনকলে: অসম চৰকাৰে ল’লে নতুন পদক্ষেপ…

ক’ৰোনা পৰীক্ষাৰ ফলাফল পাব অতি সোনকলে: অসম চৰকাৰে ল’লে নতুন পদক্ষেপ…

সমগ্ৰ দেশৰ লগতে ৰাজ্যত ও ক’ৰোনা মহামাৰীৰ আতংক ভয়াবহ ৰূপ লোৱা দেখা গৈছে। গণ স্ংক্ৰমন ৰোধ কৰা বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰনৰ পদক্ষেপ হাতত লৈছে। আজি জনতা ভৱনত এক সংবাদমেলৰ আয়োজন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এইসংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা মঙলবাৰৰ পৰা অসমত ক’ৰোনাৰ MODERATE LEVEL লক্ষণযুক্ত কেছ পোৱা গৈছে। মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ পৰা ফোনযোগে গুৱাহাটীৰ খবৰ লয়। গুৱাহাটীৰ ক’ৰোনা আক্ৰান্তৰ প্ৰসংগত খবৰ লয় গৃহমন্ত্ৰীগৰাকীয়ে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “আমি স্বোৱাব টেষ্টৰ বাবে Q COVID-19 AG টেষ্ট নামৰ এক নতুন মডেল আৰম্ভ কৰিছো। এই মডেলৰ দ্বাৰা আমি ৪৫ মিনিট ৰ ভিতৰত ক’ভিড টেষ্টৰ ফলাফল লাভ কৰিব পৰা যাব। অতি জৰুৰী হ’লে ১৫ মিনিটৰ ভিতৰতো ফলাফল পাম। স্বাস্থ্য বিভাগৰ কৰ্মীৰ প্ৰশিক্ষণ দিয়াৰ পাছতে ৩ জুলাইৰ পৰা আৰম্ভ হ’ব এই সেৱা। ক’ভিডক লৈ হোৱা এই যুদ্ধত ই এক যোগাত্মক দিশ। Indian Council for Medical Research (ICMR)ৰ পৰামৰ্শ মতে ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড টেষ্টক লৈ এই নতুন সংযোজন আৰম্ভ হ’ব।

লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, প্ৰতিদিনে ১০ হেজাৰ লোকৰ ক’ৰোনা পৰীক্ষা কৰাৰ পৰামৰ্শ দিছে গৃহমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ পৰিস্থিতিৰ বিষয়ে বুজ লৈ পৰিস্থিতি আৰু জটিল হ’ব বুলিও কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

অমিত শ্বাহে গুৱাহাটীত এই মডেল শীঘ্ৰে আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী ড শৰ্মাই।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *