প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি…
ইমেইল যোগে অজ্ঞাত ব্যক্তিক নিৰ্দেশ দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ বাবে। স্বয়ং ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এ-য়ে প্ৰকাশ কৰিছে এই কথা। এক নিৰ্দিষ্ট মেইল যোগে কাৰোবাক উদ্দেশ্যি দিয়া হৈছিল ‘ Kill Narendra Modi’। এই সন্দৰ্ভত এন আই এয়ে তথ্য লাভ কৰা বুলি কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যম টাইমছ নাওৱে।
এই মেইল পোহৰলৈ অহাৰ পিছতে ইতিমধ্যে ততালিকে বৃদ্ধি কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা। জানিব পোৱা মতে, ৮ আগষ্টত ‘ylalwani12345@gmail.com’ নামৰ এটা ইমেইল আই ডিৰ পৰা ‘info.mum.nia@gov.in’ ইমেইল আইডিটোলৈ পঠিওৱা হৈছিল এই মেইল। ‘Kill Narendra Modi’ বুলি লিখা এই মেইলৰ আৰত কোন আছে এই কথা বৰ্তমান জানিব পৰা হোৱা নাই।
[jnews_block_2 ]