ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী দেৱ…
অব্যহত ক’ভিড-১৯ ৰ তাণ্ডৱ। এফালৰ পৰা মহতিয়াছে সকলোকে। এইবাৰ কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে। মন্ত্ৰী গৰাকীয়ে নিজে টুইটাৰযোগে এই কথা সদৰি কৰিছে।
উল্লেখ্য যে, যোৱা শুকুৰবাৰেই মন্ত্ৰী গৰাকীয়ে শাৰীৰিক অসুস্থতাৰ বাবে কৰাইছিল ক’ৰোনা টেষ্ট। পৰিয়ালৰ লোকৰ পৰা নিজকে আতৰ কৰি ৰখাৰ কথাও এই টুইট যোগে জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ৰোনা টেষ্ট কৰাবলৈ আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে।
[jnews_block_2 ]