জিএমচিএইচত উপস্থিত হৈ ৰকিবুল হুছেইনে খবৰ ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ…
- গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
- কিছুদিন পুৰ্বে ক’ৰোনাত আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।
- তৰুণ গগৈৰ খবৰ ল’বলৈ মঙলবাৰে হাস্পতালখনত উপস্থিত হ’ল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।
- প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছৰ বিধায়ক আবুল কালাম ৰাছিদ আৰু নুৰুল হুডা উপস্থিত হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।
- পিপিই কিট পৰিধান কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ওচৰৰ পৰা খবৰ ল’লে ৰকিবুল হুছেইনে।