কালিৰে পৰা তিনিচুকীয়া জিলাৰ বাঘজান এলেকাত জুই বিয়পি পৰাৰ বাতৰিয়ে শিৰোনামা দখল কৰিছে। কিন্তু এই দুৰ্ঘটনাৰ পটভূমি 27মে‘ বা তাৰ আগৰ পৰাই আৰম্ভ হৈছে। এই জুই লগাৰ কাৰণ কি, খলনায়ক কোন চাবলৈ কিছু কথা জানি লোৱা প্ৰয়োজন। বাঘজানৰ 5 নম্বৰ খনিৰ পৰা প্ৰথমে গেছ অনিয়ন্ত্ৰিত ভাৱে নিৰ্গমন হৈ হঠাৎ বিস্ফোৰণ হয়। ই মাগুৰি মতাপুং বিলৰ কাষতে আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা প্ৰায় 900মিটাৰ আকাশী দূৰত্বত অৱস্থিত। চুবুৰীয়া অঞ্চলৰ 1610 পৰিয়ালৰ প্ৰায় 2500 লোকক ইতিমধ্যে স্থানান্তৰিত কৰি সুৰক্ষিত শিবিৰত ৰখা হৈছে। কিন্তু তেওঁলোকৰ হেঁপাহৰ ঘৰ মাটি বাৰী সকলো জ্বলি চাৰখাৰ হৈ গৈ আছে।
প্ৰাকৃতিক গেছ সদায় ওপৰলৈ যায়, কিন্তু ওপৰত গৈ পুনৰ তৰলীকৃত হৈ তললৈ নামি আহে। যিহেতু গেছীয় অৱস্থাত গেছ বহু দূৰলৈ বিস্তৃত হৈ পৰে, তাৰ ফলত তৰলীকৃত গেছো বহু বিস্তৃত এলেকাত বিয়পি পৰে, তাৰ ফলত বিভিন্ন ঠাইত বিভিন্ন ধৰণে অনিষ্ট কৰে। ইয়াৰ পৰিণাম দেখা গৈছে মাগুৰি বিলৰ শিহু আৰু বহু মাছৰ মৃত্যু হৈছে, কাষৰীয়া বহু লোকৰ চকু জ্বলাপোৰাৰ লগতে উশাহত গেছ গৈ শৰীৰত প্ৰৱেশ কৰিছে আৰু তাৰ ফলত মূৰৰ প্ৰচণ্ড বিষ হোৱা বহু ৰোগী পোৱা গৈছে।
প্ৰাকৃতিক গেছ ভূগৰ্ভত কেতিয়াও পানীৰ দৰে মাটিত মিহলি হৈ নাথাকে, ই থাকে শিল বা পাথৰৰ মাজত যাক আহৰণৰ বাবে প্ৰথমতে এক বৈদ্যুতিক প্ৰভাৰ(electric Charge) পঠোৱা হয়। তাৰ পাছত এবিধ তৰল ৰাসায়নিক মিশ্ৰণ পঠোৱা হয় পাথৰৰ মাজত বন্ধন ভাঙিবৰ বাবে। ই এক জটিল প্ৰক্ৰিয়া। কিন্তু এই প্ৰক্ৰিয়াত যাতে ভূ গৰ্ভৰ পানী যাতে অশুদ্ধ হৈ নাযায়, সেইটোও মন কৰিব লগা বিষয়। এই যে তৰল ৰসায়নিক মিশ্ৰণ তললৈ পঠোৱা হয়, সি প্ৰাকৃতিক গেছৰ তুলনাত যথেষ্ট ওজনৰ হয়। ইয়াক অতি চাপত তললৈ পঠোৱা হয়। ফলত কম ওজনৰ গেছ অতি চাপত ওপৰলৈ উঠি আহে। এই যে চাপ দিয়া হয়, ধ্যান নিদিলে সিও কেতিয়াবা খলনায়ক হৈ পৰে। কিন্তু এই খলনায়কৰ আঁৰতো অন্য খলনায়ক থাকিব পাৰে।
গেছ খনিৰ পাইপত এবিধ সঁজুলি থাকে যাক blowout preventer বোলা হয়, ধৰি লওক আমাৰ ঘৰুৱা চিলিণ্ডাৰৰ ৰেগুলেটৰৰ দৰে। চাপৰ তাৰতম্য নঘটিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ই এক স্বয়ংক্ৰিয় যন্ত্ৰ অৰ্থাৎ নিজে নিজক প্ৰয়োজন অনুসাৰে নিয়ন্ত্ৰণ কৰিব পাৰে। অৰ্থাৎ এই যন্ত্ৰবিধ নিয়ন্ত্ৰণহীন বা বিকল হৈ পৰিল, আৰু হয়তো চৰকাৰ বা কৰ্তৃপক্ষৰ ফালৰ পৰাও সেয়াই ক’ব। কিন্তু এতিয়া প্ৰশ্ন হয়, কিয়?
যিটো খনি বা কুঁৱাৰ পৰা গেছ নিৰ্গমন হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে, সেইটো খন্দা হৈছিল 2006 চনত। 2006 চনত স্থাপন কৰাৰ পাছৰে পৰা ইয়াত প্ৰতিদিনে 3800মিটাৰ গভীৰৰ পৰা গেছ উৎপাদন হৈছিল প্ৰায় 80,000 ঘনমিটাৰ। ইয়াৰ বাবে সৰ্বোচ্চ চাপ দিয়াৰ আন্তৰ্জাতিক মান হৈছে 2700 PSI(Pressure Per Square Inch). সিমানলৈকে ঠিকেই আছিল, কেনাটো লাগিল তেতিয়াহে, যেতিয়াৰ পৰা কোম্পানীয়ে অধিক উৎপাদন কৰিবলৈ ল’লে। বৰ্তমান উৎপাদন প্ৰতিদিনে 90000ঘনমিটাৰ যিটো সঁচাই বিপদজনক। কাৰণ ইয়াৰ বাবে 4200PSI চাপ দি আছে । ক্ষমতাৰ অনুপাতে আন্তৰ্জাতিক মান অনুসৰি ই যথেষ্ট বেছি। তাৰোপৰি কোম্পানীৰ ফালৰ পৰা পৰীক্ষা কৰি থকা হৈছিল আৰু গভীৰতাত গেছৰ ভাণ্ডাৰ আছে নেকি চাবলৈ। তাৰ বাবে পৰীক্ষা চলোৱাৰ সময়ত চলি থকা খনি বন্ধ কৰি blowout preventer সুস্থিৰে, সাৱধানে উলিয়াই আনিব লাগে। ইয়াক উলিয়াই অনা হৈছিল যদিও অতি ক্ষিপ্ৰতাৰে কৰাৰ বাবে চাপ নিয়ন্ত্ৰণ হেৰাই যায়। যাৰ ফলত আজি সমগ্ৰ অঞ্চল ভুক্তভোগী। উৎপাদন আৰু মুনাফা বৃদ্ধিয়েই কোম্পানীৰ লক্ষ্য। পৰিৱেশ তথা জীৱকূলৰ ৰক্ষণাবেক্ষণ কেতিয়াও স্ব-ইচ্ছাৰ দ্বাৰা নকৰে। চৰকাৰী হস্তক্ষেপ নাথাকিলে কেতিয়াও জনসাধাৰণৰ মঙ্গল আশা কৰিব নোৱাৰি। আগতেও কৈছোঁ যে শক্তি খণ্ডৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত চৰকাৰ সাৱধান নহ’লে জনসাধাৰণে সদায় জিয়াতু ভুগিব লাগিব। এতিয়া আপোনালোকে বিচাৰ কৰকচোন খলনায়ক কোন।
(তথ্য সহায় লৈ)