জালুকবাৰীত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাটাও ঘৰ…
ৰাজ্যবাসীৰ বাবে পুনৰ বেয়া খবৰ। মহানগৰীত পূনৰ সংঘটিত অগ্নিকাণ্ড। গুৱাহাটীৰ জালুকবাৰীৰ ফুলপাহী নগৰত এইবাৰ বিধ্বংসী অগ্নিকাণ্ড। ৩০টাকৈ বাসগৃহ এই জুইত জাঁহ গৈছে বুলি জানিব পৰা গৈছে।
এই অগ্নিকাণ্ড সূত্ৰপাত চৰ্ট ছাৰ্কিটৰ ফলতে হোৱা বুলি সন্দেহ কৰা হৈছে। এই জুইত ৫টাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হৈছে। যাৰ ফলত আৰু বেছি জ্বলি উঠে অঞ্চলটো।
উল্লেখ্য যে, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্ট অব্যাহত ৰাখিছে। ৫খনকৈ অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰি আছে। কোনো লোক হতাহত হোৱাৰ খবৰ এই পৰ্যন্ত পোৱা হোৱা নাই।
জানিব পৰা মতে, যিটো ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল সেই ভাড়াঘৰটোত সেই সময়ত কোনো লোক নাছিল।