আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা গুৱাহাটীত …
অসমত অব্যাহত ক’ৰোনা ভাইৰাচৰ উপদ্ৰব। ক’ৰোনা ভাইৰাচৰ গ’ণ সংক্ৰমনৰ বাবে সেহতীয়াকৈ গুৱাহাটী মহানগৰত লকডাউন চলি আছে। পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে।
উল্লেখ্য যে, ১২জুলাইৰ পৰা ১৯জুলাইলৈ এসপ্তাহৰ বাবে কামৰূপ মহানগৰীত বৃদ্ধি কৰা হৈছে লকডাউন। ১২জুলাইৰ ৰাতিপুৱা ৬ বজাৰ পৰা ১৯জুলাইৰ সন্ধিয়া ৭বজালৈ মুখ্য সচিবে লকডাউন ঘোষণা কৰে।
এই সময়চোৱাত সকলোধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে। বাট-পথত কনো ধৰনৰ ব্যক্তিগত যান-বাহন চলাচল কৰিব নোৱাৰিব। প্ৰতিদিনে ৰতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪বজালৈ অত্যাৱশকীয় গেলামালৰ দোকান খোলা থাকিব বুলিও জানিব দিয়া হৈছে।
বৰ্তমান সময়ত অসমৰ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে লকডাউন।