সোমবাৰৰ পৰা গুৱাহাটীত দোকান খুলাৰ নতুন নিয়ম, অধিক জানিবৰ বাবে পঢ়ক…

সোমবাৰৰ পৰা গুৱাহাটীত দোকান খুলাৰ নতুন নিয়ম, অধিক জানিবৰ বাবে পঢ়ক…

 গুৱাহাটীত অকলশৰীয়াকৈ থকা গেলামালৰ দোকানসমূহ ৬ জুলাইৰ পৰা ১০ জুলাইলৈকে খুলিব পাৰিব। দিনৰ ১১ বজাৰ পৰা ৪ বজালৈকেহে খুলিব পাৰিব দোকান। ৪ জুলাইত ঘোষণা কৰা লকডাউনৰ নিৰ্দেশনাৰ সংশোধন কৰি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই নতুনকৈ জাৰি কৰা নিৰ্দেশনাত সন্নিবিষ্ট কৰিছে এই কথা। অৱশ্যে গ্ৰাহক আৰু দোকানীয়ে সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে হেণ্ড গ্লোভছ আৰু মাস্ক পৰিধান কৰিব লাগিব।

ইফালে সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু নাটনি হ’লে তাৰ বাবে জগৰীয়া হ’ব খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে দোকানৰ গৰাকী । আনহাতে দেওবাৰ আৰু মঙলবাৰে পাইকাৰী বিক্ৰেতাসকলে খুচুৰা বিক্ৰেতাসকলক দুপৰীয়াৰ ১২ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত সামগ্ৰী বিক্ৰী কৰিব পাৰিব।

ইফালে সোমবাৰ আৰু বুধবাৰে ঘৰে ঘৰে ফলমূল আৰু পাচলি বিক্ৰী কৰিব পাৰিব বিক্ৰেতাসকল। অৱশ্যে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজাৰ ভিতৰত সামগ্ৰী বিক্ৰী কৰি শেষ কৰিব লাগিব।

উল্লেখ্য যে, কোনো লোকে লকডাউনৰ এই সময়চোৱাত ৰাজপথত ফলমূল আৰু শাক-পাচলিৰ বিক্ৰী কৰিব নোৱাৰিব। ঠিক তেনেদৰে আন আন ক্ষেত্ৰত ১২ জুলাইলৈকে গুৱাহাটীত লকডাউন ঘোষণা কৰাৰ সময়ত যিসমূহ নীতি-নিয়ম বলবৎ কৰা হৈছিল সেয়া একেই থাকিব।  লকডাউনত বলবৎ কৰা নিৰ্দেশনা  অমান্য কৰিলে তেওঁ আইনৰ শাস্তিৰ সন্মুখীন হ’ব। শেহতীয়াকৈ গুৱাহাটীত শনিবাৰে ৭৭৭ গৰাকী লোকৰ দেহত ক’ৰোনা ধৰা পৰাৰ পাছতে অধিক কঠোৰ হৈ পৰে ৰাজ্য চৰকাৰ।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *