গ্ৰেপ্তাৰ হ’ব নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প!…
কিছুদিন আগতে ইৰানৰ বাগদাদত ড্ৰোণ আক্ৰমণৰ ফলত ইৰানী সেনাৰ শীৰ্ষ জেনেৰেল কাছিম চুলেমানৰ মৃত্যু হয়। ইয়াৰ পিছত ইৰানৰ বাগদাদত ড্ৰোণ আক্ৰমণৰে ইৰানী সেনাৰ শীৰ্ষ জেনেৰেলক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰৰ বাবে ৱাৰেন্ট জাৰি কৰিছে আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু আন ১২গৰাকী লোকৰ বিৰুদ্ধে। ইৰানে ইন্টাৰপলৰ সহযোগিতা বিচাৰিছে এই সমূহলোকক গ্ৰেপ্তাৰৰ বাবে। সোমবাৰে ইৰানৰ স্থানীয় এক সংস্থাই এই বিষয় ৰাজহুৱা ভাবে জানিব দিয়ে।
উল্লেখ্য যে, ইৰানৰ এই প্ৰদক্ষেপ ট্ৰাম্পৰ বাবে বৰ বেছি বিপদজনক নহ’ব। এই ঘটনাৰ পৰা স্পষ্ট হৈ পৰিছে যে বৰ্তমান দুয়োখন দেশৰ মাজত সংঘাত চলি আছে। ইতিমধ্যে ইৰানে ট্ৰাম্পৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো তেওঁক গ্ৰেপ্তাৰৰ বাবে যাৱতীয় সকলো প্ৰক্ৰিয়া চলাই যাব বুলি স্পষ্ট কৰি দিছে।
এই বিষয়ৰ সন্দৰ্ভত ইৰানে স্পষ্ট কৰি দিছে যে, যোৱা ৩ জানুৱাৰীত বাগদাদত যি ড্ৰোণ আক্ৰমণ কৰা হৈছিল, সেই ঘটনাত জড়িত আছিল ট্ৰাম্পৰ সৈতে আন ৩০গৰাকীকৈ ব্যক্তি। এই আক্ৰমণতে নিহত হৈছিল জেনেৰেল কাছিম চুলেমান।