আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে সমগ্ৰ ভাৰতৰ লগতে লাডাখতো যোগৰ অনুশীলন কৰে ভাৰতীয় সেনাই:
আজি আন্তৰ্জাতিক যোগ দিৱস। গোতেই বিশ্বজুৰি আজি যোগ দিৱস পালন কৰা দেখা যায়। ভাৰতৰো বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হৈছে।
এই বাৰৰ যোগ দিৱসৰ থিম হৈছে “ঘৰতে থাকি পৰিয়ালৰ লোকৰ সৈতে যোগ”। ক’ৰনা মহামাৰী আতংক ই বিৰাজ কৰাৰ ফলত এই বাৰ Degital যোগ দিৱস পালন কৰা হৈছে। ঘৰতে থাকি নিজৰ পৰিয়ালৰ লোকৰ সৈতে সামাজিক দুৰত্ব মানি যোগ দিৱস পালন কৰা দেখা গৈছে।
অন্য ঠাইৰ লগতে লাডাখতো পালন কৰা হৈছে যোগ দিৱস। চীন ভাৰতৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে লাডাখত আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰচণ্ড হিমবাহৰ মাজত যোগাভ্যাস কৰিলে ভাৰতীয় সেনাই।
লগতে অজিৰ দিনতোৰ পৰাই নিয়মিত ভাবে যোগাভ্যাস কৰি শাৰীৰিক আৰু মানসিক সুস্থতা বৃদ্ধি কৰাৰ ববে আহ্বান যনায়।
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]