ভাৰতত শুভাৰম্ভ কৰা হ’ল প্ৰথমটো প্লাজমা বেংকৰ….

ভাৰতত শুভাৰম্ভ কৰা হ’ল প্ৰথমটো প্লাজমা বেংকৰ।

বিশ্বৰ লগতে ভাৰতত অব্যাহত ক’ৰোনাৰ আতংক। এই ভয়াবহ ৰোগৰ বিৰুদ্ধে কোনো ধৰনৰ দৰব বৰ্তমান ওলোৱা নাই। সেইহে চিকিৎসা বিভাগে ক’ৰোনাৰ বিপৰীতে প্লাজমা পদ্ধতি অষ্ট্ৰ হিচাবে লয়। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমটো প্লাজমা বেংকৰ।  কেজৰিৱালে কয় যে, এতিয়াৰে পৰা কোনো লোকৰ দেহত প্লাজমাৰ ক্ষেত্ৰত অভাৱ বা অসুবিধা নহয়। দিল্লীত দেশৰ প্ৰথমখন প্লাজমা বেংক আইএলবিএছ হাস্পতালো স্থাপন কৰিবলৈ গৈ থকা হৈছে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, প্লাজমা বেংক তেতিয়াহে সফল হ’ব যেতিয়া কোনো লোকে প্লাজমা দান কৰাৰ বাবে আগবাঢ়ি আহিব।  ক’ৰোনাৰ পৰা আৰোগ্য হোৱা লোকে হে দিব পাৰিব প্লাজমা। বয়সৰ ক্ষেত্ৰত ১৮ ৰ পৰা ৬০ বছৰৰ ভিতৰৰ লোকে হে প্লাজমা দান কৰিব পাৰিব। এইক্ষেত্ৰত প্লাজমা দিয়া লোকৰ ওজন ৫০ কিলোৰ অধিক হ’ব লাগিব। লগতে যদি কোনো মহিলা যি এবাৰ হ’লেও সন্তান জন্ম দিছে তেওঁ প্লাজমা দান কৰিব নোৱাৰে। লগতে ছুগাৰ, হাইপ্ৰেছাৰ ৰোগ থকা লোকেও দান কৰিব নোৱাৰে প্লাজমা।

 

Leave a Comment