স্বাধীনতা দিৱস উপল্লক্ষে প্ৰধানমন্ত্ৰীৰ কাষত থকা মহিলা সেনাৰ ক’ভিড টেষ্ট সম্পন্ন…
দেশত ক’ৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে উদযাপিত কৰা হব স্বাধীনতা দিৱস। উক্ত দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। অন্যান্য সুৰক্ষাৰ লগতে এইবাৰ ক’ৰোনা ক্ষেত্ৰতো বিশেষ সৰ্তকতা অৱলম্বন কৰিব লগা হৈছে চৰকাৰে। স্বাধীনতা দিৱসত নৰেন্দ্ৰ মোডীৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত কাষত থাকিব লগীয়া মহিলা সেনা বিষয়াৰ ক’ৰোনা টেষ্ট সম্পন্ন কৰে শেহতীয়াকৈ ৰক্ষা মন্ত্ৰণালয়ে।
জানিব পৰা মতে, দিল্লীৰ লালকিল্লাত পূৰ্বৰ দৰে এইবাৰ পৰিৱেশ দেখা নাযাব। মাত্ৰ ১১০গৰাকী VVIP-VIPৰ উপস্থিতিত পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰীয়ে। শিক্ষাৰ্থীক ও উক্ত অনুষ্ঠানৰ পৰা বিৰত ৰখা হ’ব এই বাৰ। ক’ৰোনাৰ বাব এ লোৱা হৈছে এই কঠোৰ সিদ্ধান্ত।
[jnews_block_2 ]