“অকল ভাৰতকে নহয়, মই চীনকো সমানে ভাল পাও”, উল্লেখ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…
চীন আৰু ভাৰতৰ সংঘাট চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে, চীন-ভাৰতৰ মাজত যদিহে সংঘৰ্ষ হয়, আমেৰিকা সদায়েই ভাৰতৰ লগত থাকিব। কিন্তু দিন বাগৰাৰ লগে লগে ট্ৰাম্পৰ মন সলনি হৈ গৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰপতিগৰাকীয়ে যনাই যে, মই ভাৰতীয় সকলকো ভাল পাও আৰু চীনৰ সকলকো সমানেই ভাল পাও। পোনপতীয়াকৈ একো কথা নকলেও ট্ৰাম্পৰ এই ভাষ্যৰ পৰা তেওঁৰ দুমুখীয়া স্থিতি পুনৰ দেখা গৈছে। হোৱাইট হাউছৰ চেক্ৰেটৰী কলেঘ মেকে কিছুদিনৰ আগলৈকে ভাৰতৰ পক্ষত থকা ট্ৰাম্পে আওপকীয়াকৈ চীনক সমৰ্থন কৰি এই মন্তব্য কৰিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে। হোৱাইট হাউছৰ চেক্ৰেটৰী কলেঘ মেকে ট্ৰাম্পে চীন ভাৰতৰ মাজত সংঘাতৰ অন্ত পেলাই শান্তি স্থাপনৰ কামনা কৰিছে বুলিও জানিব দিছে ।