মৰিগাঁৱত গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
দেশৰ স্বাধীনতা দিৱস উপলক্ষ্যে আজি মৰিগাঁৱত উপস্থিত থাকে হিমন্ত বিশ্ব শৰ্মা। এই অনুস্থানত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা অগবঢ়াই। মন্ত্ৰী বিশ্ব শৰ্মাই কয় যে- অহা ডেৰমাহৰ ভিতৰত জাগীৰোডৰ হিন্দুস্থান পেপাৰ মিলৰ ক’ভিড চিকিৎসালয় খনত বিনামূলীয়া কিডনী দ্ৰাইলচিছ সেৱা আৰম্ভ হব৷ তেখেতে মৰিগাঁৱ চহৰত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে জিলা উপায়ুক্তক ১০০ বিঘা মাটি যোগাৰ কৰিবলৈ আহ্বান জনাইছে। মৰিগাঁও আৰু দৰং সংযোগী ব্ৰহ্মপুত্ৰ উপৰত এখন দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে বুলি শৰ্মা দেৱে জানিব দিয়ে৷ মৰিগাঁও নগৰৰ নলা নৰ্দমা সমূহ নতুনকৈ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে ৩০ কোটি টকা আচনি প্ৰস্তুত কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। লগতে ইলাৰাম দাস স্মৃতি ভৱনৰ বাবে কাম কৰি থকা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী জনে৷
আনহাতে মৰিগাঁও জাগীৰোড সংযোগী পথটো ভাৰত চৰকাৰে বনাই আছিল। এতিয়া ৰাজ্য চৰকাৰে আগবাঢ়োৱা ২৪ কোট টকাৰে নিৰ্মাণ কৰা হব এই পথটো। অহা ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত এই পথটোৰ নিৰ্মান কাৰ্য সমপূৰ্ণ হব বুলি ঘোষনা কৰে মন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাই৷