পিতৃ হ’ল ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া…
ক’ৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ শুভকাংক্ষীৰ বাবে আহিল এটা ভাল খবৰ। বৃহস্পতিবাৰে দুপৰীয়াভাগত পিতৃ হল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ গৰাকী।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া নাটাছাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছাই বৃহস্পতিবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে ছচিয়েল মিডিয়াত কোটি কোটি অনুৰাগীয়ে তেওক শুভেচ্ছা জনোৱা পৰিলক্ষিত হৈছে। উল্লেখ্যযে, লকডাউনৰ মাজতে হাৰ্দিক পাণ্ডিয়া আৰু সন্তানসম্ভৱা পত্নী নাটাছাৰ এখন ফটোয়ে ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল।