বিমানৰে অসমলৈ অহা যাত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰৰ পৰা এটা ভাল খবৰ।
মহামাৰী ক’ৰোনাৰ বাবে বাহিৰৰ পৰা বিমানেৰে অসমলৈ অহা যাত্ৰীসকললৈ সুখবৰ। এতিয়াৰে পৰা বিমানেৰে অসমলৈ অহা যাত্ৰীসকল কোৱাৰেণ্টাইন চেণ্টাৰত থাকিব নালাগে এই কথা আজি অনুষ্ঠিত হোৱা এখন সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই।
উল্লেখ্য যে, বিমানেৰে বহি ৰাজ্যৰ পৰা অসমলৈ অহা লোকোক Antigen টেষ্ট কৰা হ’ব আৰু লগে লগে হোম কোৱাৰেণ্টাইনত যাব পাৰিব। কিন্তু ৰিজল্ট পজিটিভ হ’লে হাস্পতাললৈ লৈ যোৱা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে ৰিজল্ট নিগেটিভ হ’লে হোটেলত বা কৰেন্তাইন চেনটাৰৰ পৰিবৰ্তে ঘৰলৈ যাব পাৰিব আৰু হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। কিন্তু এইখিনি সময়ত নিজকে সজাগ আৰু সচেতন হৈ থাকিলে ভাল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।