Assamese News
তিৰুমালা বালাজী মন্দিৰৰ প্রাক্তন মুৰব্বী পুৰোহিতৰ ক’ভিড–১৯ত মৃত্যু.

তিৰুমালা বালাজী মন্দিৰৰ প্রাক্তন মুৰব্বী পুৰোহিতৰ ক’ভিড–১৯ত মৃত্যু
ঐতিহাসিক তিৰুমালা শ্রীভেংকটেশ্বৰা স্বামী মন্দিৰৰ প্রাক্তন মুৰব্বী পুৰোহিত শ্রীনিৱাস মূর্তি ডিক্ষিতিলুৰ ক’ভিড–১৯ত আক্ৰান্ত হয় মৃত্যু ঘটে৷ তিৰুপতি এছভিআইএমএছ হাস্পতালত ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল পুৰোহিত জন। এই অৱস্থাত সোমবাৰে পুৱা ৮০ বছৰীয়া তিৰুমালা বালাজী মন্দিৰৰ প্রাক্তন পুৰোহিতগৰাকীৰ মৃত্যু ঘটে৷
জানিব পৰ মতে তিনিটা দশক ধৰি বংশানুক্রমে মন্দিৰৰ পুৰোহিত হিচাপে সেৱা আগবঢ়াই আহিছিল এছএম ডিক্ষিতিলুৱে। পুৰোহিতগৰাকীৰ মৃত্যুত গোতেই অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে৷
উল্লেখ্য যে, ঐতিহাসিক তিৰুপতি মন্দিৰটোত পেডিনতি, গোল্লাপল্লি, পাইডিপল্লি আৰু তিৰুপথম্মা চাৰিটা বংশই প্রতিনিধিত্ব কৰে৷ মৃত পুৰোহিত এছএম ডিক্ষিতিলুৱে পেডিনতি বংশক প্রতিনিধিত্ব কৰিছিল৷
You must be logged in to post a comment Login