জনতা ভৱনৰ বি ব্ল’কৰ গ্ৰাউণ্ড ফ্লৰত সংঘটিত হৈছিল অগ্নিকাণ্ড ….
দিছপুৰ সচিবালয়ৰ বি ব্ল’কৰ গ্ৰাউণ্ড ফ্লৰত সংঘটিত হৈছিল অগ্নিকাণ্ড। ৰাজ্যৰ হৃদপিণ্ড দিছপুৰ সচিবালয়।
শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এখন ফেনৰ পৰা মঙলবাৰে সংঘটিত হৈছিল এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপনৰ চেষ্টা কৰা হয়।
উল্লেখ্য যে সংখ্যালঘু উন্নয়ন তথা জলসিঞ্চন বিভাগৰ কাম-কাজ চলে এই B ব্লকত। ইতিমধ্যে অগ্নিকাণ্ডত বহু সংখ্যক ফাইল আৰু নথিপত্ৰ জাহ যোৱাৰ তথ্য পোহৰলৈ অহিছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই এই সন্দৰ্ভত টুইট কৰিছে ৰাজ্যৰ মুখ্য সচিবে।