ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ৰাজধানী চহৰ দিল্লীত…
ভাৰতত অব্যাহত ক’ৰোনা তাণ্ডৱ। ইয়াৰ মাজতে ৰাজধানী চহৰ দিল্লীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড। দিল্লীৰ শ্বাহবাদ অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড।
এই অগ্নিকাণ্ডত জুইত জাঁহ গৈছে কমেও ৭০টা ঘৰ। অৱশ্যে এই মূহুৰ্তত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
মাজ নিশা শ্বাহবাদ অঞ্চলটোত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ।
অগ্নিনিৰ্বাপক বাহিনী জুই নুমুৱাৰ বাবে ২৬খনকৈ বাহন ব্যবহাৰ কৰে যদিও পুৱালৈকে সম্পূৰ্ণ ৰূপে নিৰ্বাপন কৰিব পৰা নাছিল জুই।