‘Fair & Lovely’ পেকেটত  নাথাকিব ‘ফেয়াৰ’ শব্দ:

 ‘Fair & Lovely’ পেকেটত  নাথাকিব ‘ফেয়াৰ’ শব্দ

এতিয়াৰ পৰা ‘ফেয়াৰ এণ্ড লাভলী’ৰ পেকেটত নাথাকিব ফেয়াৰ  শব্দ। ‘ফেয়াৰ’ শব্দটো আমেৰিকাৰ ইউনিলিভাৰ কোম্পানীয়ে নিজৰ এই ব্ৰেণ্ডৰ পৰা আঁতৰ কৰিব । ফেয়াৰ শব্দৰ লগতে লাইটিং বা হোৱাইটনিঙ দৰে শব্দৰো ব্যৱহাৰ নকৰে কোম্পানীটোৱে।

এই সিদ্ধান্ত লোৱাৰ আচল কাৰণ হ’ল বৰ্ণবাদ। আমেৰিকাৰ দৰে দেশত পুনৰ বৰ্নবাদ  দেখা দিয়া পৰিলক্ষিত হৈচে। এনেদৰে ঘটিব ধৰা বৰ্ণবাদৰ দৰে সংকীৰ্ণ মানসিকতাৰ বিৰোধিতা কৰাৰ বাবেই কোম্পানীটোৱে এই পথ লোৱাৰ কথা প্ৰকাশ কৰে। কোম্পানীটোৰ বিউটী এণ্ড পাৰছনেল কেয়াৰ বিভাগৰ মুৰব্বী ছানী জৈনে কয়- ‘হোৱাইট বা লাইটৰ দৰে শব্দ সৌন্দৰ্যৰ একমাত্ৰ পৰিভাষাৰ দৰে হৈ পৰিছে, কিন্তু সেয়া সত্য নহয়। সৌন্দৰ্যক আমি বিশালতাৰ মাজত বিচাৰো, সংকীৰ্ণতাৰ মাজত নহয়। গতিকে আমি ইয়াক শুধৰাব বিচাৰো।’

উল্লেখ যোগ্য যে আমেৰিকাত জৰ্জ ফ্লইড নামৰ এজন ক’লা মানুহক পুলিচে ডিঙি চেপি হত্যা কৰাৰ পিছত “ব্লেক লাইভছ মেটাৰ আন্দোলন চলি আছে। এই হত্যাকাণ্ডৰ আঁৰত আছিল বৰ্ণবাদী ধাৰণা। আন্দোলনকাৰীয়ে সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী উলিওৱা কোম্পানীসমূহক লৈও প্ৰশ্ন উত্থাপন কৰিছিল যে বগা বা ফেয়াৰ মানেই সৌন্দৰ্য নেকি?

এই ঘটণাৰ পিছত ইউনিলিভাৰ কোম্পানীয়ে নিজৰ ব্ৰেণ্ডৰ পৰা বগা ছালক ইংগিত কৰা শব্দ আঁতৰ কৰাৰ সিদ্ধান্ত লয়। উল্লেখ্য, ইউনিলিভাৰ কোম্পানীৰ সৌন্দৰ্য চৰ্চাৰ অন্যতম প্ৰডাক্ট ফেয়াৰ এণ্ড লাভৰীৰ দ্বাৰা কোম্পানীটোৱে বছৰি ভাৰতত ৫০ কোটি ডলাৰৰো ওপৰত ব্যৱসায় কৰে।

Leave a Comment