‘চীন আৰু পাকিস্তানৰ লগত একেলগে যুদ্ধ কৰিবলৈ সক্ষম ভাৰতীয় সেনা বাহিনী’:
দেওবাৰে এই কথাটোকেই বাস্তৱ বুলি দাবী কৰি ভাৰতীয় স্থলসেনা বাহিনী প্রাক্তন মুৰব্বী জেনেৰেল ভি পি মালিকে উল্লেখ কৰিছে যে ভাৰতীয় সেনাই একেই সময়তে চীন আৰু পাকিস্তানৰ সৈতে সংঘৰ্ষ চলোৱাৰ ববে সক্ষমতা ৰাখিছে।
জেনেৰেল মালিকে উল্লেখ কৰে যে দুয়োটা বাহিনীৰ বিৰুদ্ধে আজি ভাৰতীয় সেনাই সহজেই যুদ্ধ কৰিব পাৰে৷ এইক্ষেত্রত কোনোধৰণৰ দুঃচিন্তাৰ প্রয়োজন নাই বুলি উল্লেখ কৰে। হিন্দুস্তান টাইমছৰ ভগ্ণী সংস্থা ‘হিন্দুস্তান’ৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কঠা উল্লেখ কৰে। লগতে দেশীয় সেনা বাহিনীৰ শক্ৰক যোগ্য প্রত্যুত্তৰ দিয়াৰ ক্ষমতা আছে বুলিও জেনেৰেল মালিকে ঘোষণা কৰে৷
প্রাক্তন সেনা মুৰব্বীগৰাকীৰ মতে পর্বতৰ দুর্গম যুদ্ধক্ষেত্রত ভাৰতীয় সেনাৰ যুদ্ধ কৰাৰ সক্ষমতা, দৃঢ়তা আৰু শক্তি যথেষ্ট বেছি৷ এইক্ষেত্রত ভাৰততকৈ বহু তলত আছে চীন৷ উল্লেখ্য যে লাডাখৰ গালৱান উপত্যকাত শেহতীয়াকৈ ভাৰত আৰু চীনৰ মাজৰ উত্তেজনা তুংগত উঠাৰ পিছত এই বিষয়টোক লৈ মন্তব্য আগবঢ়াবলৈ গৈ জেনেৰেল মালিকে এই কথা ঘোষণা কৰিছে৷ ১৫ জুনত ঘটা ঘটনাটোক এক টার্নিং পইণ্ট বুলি উল্লেখ কৰি নতুন দিল্লী প্রশাসনে এতিয়া চীন সম্পর্কত থকা নীতি সলনি কৰিব লাগিব বুলিও জনাই মলিকে৷ অকল সামৰিক ক্ষেত্ৰখনত য়ে নহয়, দেশৰ অৰ্থ্নৈতিক আৰু ৰাজনৈতিক ক্ষেত্রতো চীন সম্পর্কত থকা ভাৰতৰ পূর্বৰ নীতি সলনি হোৱা উচিত বুলি যুক্তি দাঙি ধৰে প্রাক্তন সেনা মুৰব্বীগৰাকীয়ে৷
ইফালে সীমান্তত ভাৰত–চীনৰ মাজত যুদ্ধৰ সম্ভাৱনা আছে নেকি বুলি কৰা এক প্রশ্নৰ উত্তৰত জেনেৰেল মালিকে কয় যে ভাৰতৰ এতিয়া সক্ষমতা আছে। ভাৰতৰ সেনা এতিয়া ১৯৬২ ৰ ভাৰতীয় সেনা নহয়৷ যদি যুদ্ধৰ পৰিস্থিতি আহি পৰে, তেন্তে আজিৰ মুহূর্তত ভাৰতে পিছহোঁহকাৰ কথা আহি নপৰে এই বুলিও মন্তব্য কৰে মালিকে৷ জেনেৰেল মালিকৰ মতে ভাৰতে এতিয়া বিভিন্ন পদ্ধতিত আক্ৰমন চলাব পাৰে৷ দেশৰ বাহিনীয়ে সীমান্তক সুৰক্ষা প্রদান কৰিবলৈ সক্ষম বুলি জানিবলৈ দি মালিকে কয় যে ৫ দশক পূর্বৰ শক্তি বুলি এতিয়া ভাৰতক চিহ্ণিত কৰা উচিত নহয়৷
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]