অংক চাৰৰ সৈতে ভিডিঅ ভাইৰেল হোৱাৰ পিছতে দিছপুৰ কলেজৰ সহকাৰী অধ্যাপিকাৰ পদত্যাগ…
কিছুদিন আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ ভাইৰেল হোৱা ভিডিঅ চৰ্চালৈ আহে। ইয়াৰ পিছতে সহকাৰী অধ্যাপকৰ সৈতে ভাইৰেল ভিডিঅত থকা দিছপুৰ কলেজৰ সহকাৰী অধ্যাপিকা কৰবী চৌধুৰী চাকৰি পৰা পদত্যাগ কৰিছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰ্তকিত সহকাৰী অধ্যাপকগৰাকীৰ সৈতে ভাইৰেল হৈছিল তেওঁৰ ভিডিঅ। ইয়াৰ পিছতে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ বাবে ছাত্ৰ একতা সভাই দাবী উত্থাপন কৰিছিল।
ব্যক্তিগত কাৰনত পদত্যাদ কৰা বুলি পদত্যাগ পত্ৰত উল্লেখ কৰি অধ্যাপিকাগৰাকীয়ে দিছপুৰ কলেজৰ অধ্যক্ষৰ হাতত জমা দিয়ে।
উল্লেখ্য যে, বহুকেইটা ভিডিঅ ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি হৈছিল।
ইতিমধ্যে আৰক্ষীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰ্তকিত সহকাৰী অধ্যাপকগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।