অসম আৰক্ষীয়ে ক্ষমা খুজিলে, ভৰলু কাণ্ডকলৈ …

অসম আৰক্ষীয়ে ক্ষমা খুজিলে, ভৰলু কাণ্ডকলৈ …

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অনুষ্ঠিত কৰে সংবাদমেলৰ। এই সংবাদমেলত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ভৰলুমুখৰ কাণ্ডটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখ্য যে, বিশেষভাৱে সক্ষম কিশোৰ এটি সন্ধ্যা দেউতাকৰ লগত ঔষধ আনিবলৈ যাওঁতে আৰক্ষীৰ প্ৰহাৰত আহত হৈছিল। যাৰ ফলত গোটেই ৰাজ্যতে প্ৰতিক্ৰিয়া দেখা যায়। এই সন্দৰ্ভত আজি নিজৰ ভুল স্বীকাৰ কৰিছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, দুৰ্গত শিশুৰ কাষত অসম আৰক্ষী সদায়েই আছে। কৰ্তব্যৰত আৰক্ষী বিষয়াসকলৰ আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবে অসম আৰক্ষীৰ শিশু মিত্ৰৰ কেন্দ্ৰ দুদিন পূৰ্বে আৰম্ভ কৰা হৈছে বুলি মন্তব্য প্ৰাকাশ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে।

এই সংবাদমেলৰ যোগেদি আৰক্ষীৰ লোকসকলক সেৱাৰ মনোবৃত্তিৰে কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনালে সঞ্চালকপ্ৰধান গৰাকীয়ে। এতিয়াৰে পৰা কোনো আৰক্ষীয়ে কৰ্তব্যৰ সময়ছোৱাত এনে কাৰ্য কৰিলে সাতদিনীয়া বাধ্যতামূলক কৰ্মশালাৰ ব্যৱস্থা কৰিব অসম আৰক্ষীয়ে।

উল্লেখ্য যে, সম্বোধন কৰা এই সংবাদ মেলৰ যোগেদি আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা আৰক্ষী বিষয়াসকলক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকক সমবেদনা জনায়।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *