ৰাইজৰ বাবে ভাল খবৰঃ ডিজেলৰ দাম কমিল…
ক’ৰোনা ভয়াবহতাৰ বাবে সমগ্ৰ দেশতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি চলি আছে লকডাউন। যাৰ ফলত দেশৰ অৰ্থনীতিৰ ওপৰত বেয়াকৈ প্ৰভাব পৰা দেখা গৈছে।
যোৱা কিছুদিনত ভাৰতত বিভিন্ন প্ৰকাৰৰ মূল্যবৃদ্ধি হোৱ দেখা গৈছে। ইন্ধনৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা ভাৰতীয় জনতাক কিছু সকাহ প্ৰদান কৰি শুকুৰবাৰে কিছু পৰিমাণে হ্ৰাস পালে ডিজেলৰ মূল্য। দেশৰ বিভিন্ন ৰাজ্যত প্ৰতি লিটাৰত ১৫ৰ পৰা ১৭ পইচা পৰ্যন্ত ডিজেল দাম হ্ৰাস পাইছে। অবশ্যে এইবাৰ পেট্ৰ্’লৰ মূল্য কোনো ধৰনৰ সালসলনি হোৱা নাই।