অচিৰেই ভাৰতীয় ক্ৰিকেট দলৰ স্পিনাৰ চহলৰ বিয়া…
ছছিয়েল মিডীয়া যোগে চৰ্চাত এক খবৰ। এই খবৰ মতে ভাৰতীয় ক্ৰিকেট দলৰ স্পিনাৰ বলাৰ য়ুজৱেন্দ্ৰ চহলৰ ঠিক হৈছে বিয়া। ছচিয়েল মিডিয়াযোগে এই বিয়াৰ প্ৰাৰম্ভিক নীতি-নিয়ম সম্পন্ন কৰাৰ ফটো শ্বেয়াৰ কৰি এই খবৰ তেওৰ অনুৰাগী সকলক জনালে চহলে।
ক্ৰিকেটাৰ গৰাকীয়ে এই খবৰ ৰাজহুৱা কৰাৰ লগে লগে অসংখ্যা অনুৰাগীৰ লগতে সৰ্তীথ খেলুৱৈয়েও তেওঁক অভিনন্দন জনাইছে।
উল্লেখ্য যে, য়ুজৱেন্দ্ৰ চহল আই পি এল টীমৰ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ সৈতে জড়িত হৈ আছে। খেলুৱৈগৰাকীয়ে খেলৰ বাবে কিছুদিনৰ পাছতে ডুবাইলৈ উৰা মাৰিব। যোৱাৰ আগে আগে বিয়াৰ সকলো প্ৰাৰম্ভিক কাম-কাজ সম্পন্ন কৰিলে চহলে।
জানিব পোৱা মতে, চহলৰ সৈতে হব লগা অৰ্ধাংগিনী গৰাকীৰ নাম হৈছে ধনশ্ৰী। ধনশ্ৰী কৰিঅগ্ৰাফাৰ আৰু ইউটিউবাৰ হিচাপে ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়।
[jnews_block_2 ]