গুৱাহাটীত ২৪ঘন্টাত ১৭২গৰাকী লোক আক্ৰান্ত ক’ৰোনা মহামাৰীত..
দেশৰ লগত ৰাজ্যত ক্ৰমান্বয় বাঢ়ি গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰতিটো দিনটেই ধৰা পৰিছে ক’ৰোনা আক্ৰান্ত লোক। সোমবাৰে নিশা স্বাস্থ্যমন্ত্ৰীয়ে এক টুইট যোগে সদৰি কৰে যে, অসমত ৩০২গৰাকী লোক পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৭২গৰাকীয়েই হৈছে গুৱাহাটীৰ বাসিন্দা। মাত্ৰ ২৪ঘন্টাৰ ভিতৰত গুৱাহাটীত ১৭২গৰাকী লোকৰ দেহত ক’ৰোনা মহামাৰীৰ অৱস্থিতি ধৰা পৰিছে। ৰাজ্যত বৰ্তমান ক’ৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৭৭৯৪ আৰু ইয়াৰে ৫৩৩৩গৰাকী ক’ৰোনা ৰোগী সুষ্ঠ হৈ ঘৰলৈ উভটিছে। ৰাজ্যত বৰ্তমানো চিকিতসাধীন ভাবে আছে ২৪৪৭ গৰাকী ৰোগী আৰু ১১গৰাকী লোকৰ মৃত্যু হৈছে।