ৰাজ্যৰ শিক্ষাবৰ্ষ সলনি হ’ল: অনুমোদন ৰাজ্যিক কেবিনেটৰ …
বিশ্বৰ লগতে অসমতো চলি আছে ক’ৰোনা মহামৰীৰ তাণ্ডৱ। ৰাজ্যৰ আন আন বিষয়ৰ লগতে বন্ধ হৈ অছে শিক্ষখণ্ড। ক’ৰোনা মহামৰীৰ ফলত অসমত সলনি কৰা হ’ল ৰাজ্যৰ শিক্ষাবৰ্ষ। বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ’ব নতুন শিক্ষাবৰ্ষ।
কোৰোনা সংকটৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ কেবিনেটে এই সিদ্ধান্তৰ অনুমোদন জনায় ।
উল্লেখ্য কিছুদিনৰ পূৰ্বে শিক্ষা বিভাগে নতুন শিক্ষাবৰ্ষক লৈ এই সিদ্ধান্ত লৈছিল ।
শিক্ষা বিভাগে ৰাজ্যৰ বহু শিক্ষাবিদৰ পৰা এই সম্পৰ্কত পৰামৰ্শয়ো গ্ৰহণ কৰিছিল । আলোচনাৰ অৱশেষত সোমবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনায় নতুন শিক্ষাবৰ্ষক। এতিয়া ১ জানুৱাৰীৰ পৰিবৰ্তে শিক্ষাবৰ্ষ আৰম্ভ হ’ব ১ এপ্ৰিলৰ পৰা আৰু শেষ হ’ব ৩১ মাৰ্চত।