ৰাজ্যজুৰি স্মৰণ কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু বাৰ্ষিকি।

 

ৰাজ্যজুৰি স্মৰণ কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু বাৰ্ষিকি:

 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু বাৰ্ষিকিত ৰাজ্যবাসীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা দেখা যায়। ক’ৰনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে অব্যাহত থকা লকডাউনৰ মাজতে সামাজিক দূৰত্ব মানি বিভিন্ন ঠাইত অনেক লোকে বিপ্লৱী শিল্পীগৰাকীক স্মৰণ কৰা দেখা যায়।

তেওঁৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত। আনহাতে মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুনত।  বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথীবালা ৰাভা। উল্লেখ্য যে, বিষ্ণুৰাভাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি শেষত উচ্চ শিক্ষাৰ কাৰণে কলকাতালৈ যাত্ৰা কৰিছিল। তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্ব্বচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ “কুইন এমপ্ৰেছ” পদক লাভ কৰে। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী।

তেওঁ আছিল একেধাৰে এজন সাহিত্যিক, নাট্যকাৰ, নৃত্যবিদ, চিত্ৰকৰ, কবি, অভিনেতা, সংগীতজ্ঞ, আৰু মুক্তি যুঁজাৰু। উল্লেখযোগ্য যে, ১৯৩৯ চনত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰানটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *