ক’ৰোনা ভাইৰাচত আক্ৰান্ত বদৰুদ্দিন আজমল …
ৰাজ্যত অব্যাহত ক’ৰোনা তণ্ডৱ। এইবাৰ এ আই ইউ ডি এফৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমলৰ দেহতো ক’ৰোনা ভাইৰাচৰ অবস্থিতি পোহৰলৈ আহিছে। শেহতীয়াকৈ কৰা তেওঁৰ স্বাৱ পৰীক্ষাৰ ৰিজাল্টত ক’ৰোনা পজিটিভ আহিছে ।
উল্লেখ্য যে, বদৰুদ্দিন আজমল দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। আজমল বিগত এসপ্তাহ ধৰি অসুস্থ হৈ আছিল। যাৰ ববে তেওৰ বৰ্তমান পৰিস্থিতিক লক্ষ্য ৰখি ক’ৰোনা স্বাৱ টেষ্ট কৰা হ’য়।
জানিব পোৱা মতে, সম্প্ৰতি মুম্বাইৰ বাসগৃহতে আছে আজমল।
লাগতে প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰো ক’ৰোনাৰ ৰিজাল্ট পজিটিভ আহিছে।