গুৱাহটীত অসমৰ ভিতৰতে বৃহৎ অস্থায়ী কোভিড হাস্পতাল…
ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অসমত কেইবাখনো অস্থায়ী হাস্পতাল নিৰ্মাণ কৰা হৈছে। ইয়াৰ মাজতে মহানগৰীত নিৰ্মাণ কৰা হৈছে এখন অস্থায়ী চিকিৎসালয়। এই চিকিৎসালয়ত থাকিব ৪০গৰাকী চিকিৎসক, ১৫০গৰাকী নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীসকল।
এতিয়া স্বাস্থ্য বিভাগৰ বাবে ভৰসাৰ স্থল হৈ পৰিছে এই চিকিৎসালয়খন। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত নিৰ্মান এই হাস্পাতালৰ। চিকিৎসালয়খনত একে সময়তে ৯০০ ৰোগীক ভৰ্তি কৰিব পৰা যাব। অৰ্থাৎ একে সময়তে এই অস্থায়ী চিকিৎসালয়খনত ৯০০ ৰোগীক চিকিৎসা আগবঢ়াব পাৰিব।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চিকিৎসালয়খনৰ সন্দৰ্ভত সদৰী কৰিলে বুধবাৰে। গুৱাহাটী মহানগৰীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এতিয়া গঢ়ি তোলা হৈছে এই অস্থায়ী চিকিৎসালয়খন। সাধাৰণতে এই খেলপথাৰখন দীৰ্ঘসময় ধৰি হেলিপেড ৰূপে ব্যৱহাৰ কৰি থকা হৈছিল। স্বাস্থ্য মন্ত্ৰীয়ে সদৰী কৰা মতে, অস্থায়ী কোভিডৰ এই হাস্পতালখনত কেৱল আইচিইউৰ ব্যৱস্থা নাথাকিব। ইয়াত ভৰ্তি হৈ থকা ৰোগীসকলে ঘৰৰ পৰা অনা খাদ্যও গ্ৰহণ কৰিব পাৰিব । জানিব দিয়া মতে, এই কোভিড হাস্পতালখন ৰাজ্যৰ ভিতৰতে বৃহৎ কোভিড হাস্পতাল। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অস্থায়ী কোভিড হাস্পতালখন মুকলি কৰে।