অসম বিধানসভাৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হ’ব সোমবাৰৰ পৰা…
সোমবাৰৰ পৰা অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ’ব। বিধানসভাৰ প্রধান সচিব মৃগেন্দ্র কুমাৰ ডেকাই জনালে এই কথা। এই অধিৱেশন সম্পূৰ্ণ ৰূপে ক’ভিড প্রট’ক’ল মানি চলা হ’ব। এই অধিৱেশনত ৫০ শতাংশ সদস্যহে সদনত উপস্থিত থাকিব পাৰিব। দল এটাই কোন কোন সদস্য উপস্থিত থাকিব সেয়া দলটোৱে নিজে নিৰ্বাচিত কৰিব ।
উল্লেখ্য যে, বিষয়াৰ গেলেৰীত ২০ খন আসনত বিষয়া বহিব পাৰিব। আনহাতে ৩০খন আসনত সাংবাদিক বহিব পাৰিব সাংবাদিকৰ গেলেৰীত। ছাত্র-ছাত্রী আৰু দৰ্শনাৰ্থীৰ বাবে সদনত বৰ্তমান অনুমতি দিয়া হোৱা নাই। অধিৱেশনৰ প্রাকমুহূৰ্তত বিধায়কসকলৰ ক’ভিড টেষ্ট কৰাটো বঞ্চনীয়।
জানিব পোৱা মতে, ক’ভিড টেষ্ট সম্পন্ন কৰা শাসক-বিৰোধীৰ ২৮গৰাকী মন্ত্রী-বিধায়ক ক’ৰোনাত আক্রান্ত হৈছে।
[jnews_block_2 ]