Assam News
১৯ ছেপ্তেম্বৰতে অনুষ্ঠিত হৈছিল ২০ ছেপ্টেম্বৰৰ এছ আই পদৰ বাবে লিখিত পৰীক্ষা….

১৯ ছেপ্তেম্বৰতে অনুষ্ঠিত হৈছিল ২০ ছেপ্টেম্বৰৰ এছ আই পদৰ বাবে লিখিত পৰীক্ষা….
অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাৰ মাজতে লাগিছিল হাহাকাৰ। আগতীয়াকৈ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগত বাতিল কৰা হৈছিল পৰীক্ষা। এই সন্দৰ্ভত অব্যাহত আছিল আৰক্ষীৰ অভিযান। উল্লেখ্য যে, বামুন্দিৰ পৰা কুশল দাসক গ্ৰেপ্তাৰ কৰা পিছত চিআইডিয়ে গনেশগুৰিৰ থেংক ইউ ল’জত অভিযান চলাইছি।
জানিব পোৱা মতে, ১৯ ছেপ্টেম্বৰতেই গোপন ভাবে অনুষ্ঠিত কৰা হৈছিল এছ আই পৰীক্ষা। আৰক্ষীৰ অভিযানত পোহৰলৈ আহা তথ্য অনুসৰি গুৱাহাটীৰ থেংক ইউ ল’জত অনুষ্ঠিত কৰা হৈছিল এই গোপন পৰীক্ষা। এই পৰীক্ষাত অৱতীৰ্ন হোৱা ৩০ জন প্ৰাৰ্থীৰ এডমিড কাৰ্ড ইতিমধ্যে উদ্ধাৰ হৈছে ল’জ টোৰ পৰা। ধনৰ বিনিময়ত চাকৰি দিয়া এক বৃহৎ চক্ৰৰ হাত আছিল আগতীয়াকৈ পতা এই এছ আই পৰীক্ষাত।
[jnews_block_2 ]
You must be logged in to post a comment Login