SIপৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল, বাতিল কৰা হ’ল পৰীক্ষা…
বাতিল কৰা হ’ল অসমৰ সকলো আৰক্ষীৰ পৰীক্ষা। দিনৰ ১২-০০ বজাৰ পৰা আৰম্ভ হোৱা পৰীক্ষাৰ প্ৰায় ৩০ মিনিট যোৱাৰ পিছতেই বাতিল কৰা হৈছিল পৰীক্ষা। দৰং আৰক্ষীয়ে ঘোষণা কৰে পৰীক্ষা বাতিল হোৱাৰ কথা৷
এচ আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত ললে আৰক্ষী বিভাগে৷ জানিব পৰা মতে, কাৰ্বি আংলঙৰ কোনো এটি পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত ফাদিল হৈছিল৷ লগে লগে পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰৰ সৃষ্টি হ’য় ৷ ক্ষোভিত পৰীক্ষাৰ্থীয়ে দুষ্কাৰ্যৰ লগত জড়িত ব্যক্তিক বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদানৰ বাবে দাবী জনায়৷
[jnews_block_2 ]