Assam Orunodoi Scheme 2022 : আবেদন প্ৰ-পত্ৰ PDF, যোগ্যতা, সুবিধা: অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে অসম অৰুণোদয় আঁচনি ঘোষণা কৰিছে। ৰাজ্যত ক’ভিড-১৯ মহামাৰীৰ বাবে অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা লোকসকলক এই আঁচনিৰ জৰিয়তে সাহায্য প্ৰদান কৰা হ’ব।
ৰাজ্য চৰকাৰে এই আঁচনিৰ জৰিয়তে গৃহিণী মহিলাসকলক আৰ্থিকভাৱে সৱলীকৰণ কৰিব বিচাৰিছে। আজি এই লেখাটোৰ জৰিয়তে আমি আপোনালোকক Orunodoi scheme ৰ বিষয়ে তথ্য আগবঢ়াইছো ৷ আঁচনিখনৰ সম্পূৰ্ণ তথ্যৰ বাবে আমাৰ লগত লগত থাকক।
গুৰুত্বপূৰ্ণ জাননী
*বন্ধু সকলক জনাও যে বিভিন্ন চাকৰিৰ প্ৰস্তুতিৰ কাৰনে আপোনালোকৰ কাৰনে অতি কম মূল্যত Mock Test ৰ সুবিধা কৰা হৈছে। মাত্ৰ 70 টকাত দৈনিক ৫০+ ৰ ওপৰত mock test আপোনালোকে পাব। সোনকাল কৰক কাৰন এই সুবিধা মাত্ৰ 15 August 2022 লৈকে হে আছে…* . *তলত লিংক দিলো Mock Test Join হোৱাৰ কাৰনে..* https://rigipay.com/g/qUQS9pZBqL .
Important Notice
Mock Test is available for you at very low price for various job preparation. You can get mock tests on 50+ daily for just Rs. 70 Hurry up because this offer is only available till 15 August 2022.
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে, চৰকাৰে এই আঁচনিৰ বাবে ২,৮০,০০০ কোটি টকা প্ৰদান কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা।
২০২০ চনৰ ২ অক্টোবৰত চৰকাৰে আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে অহা ৫ বছৰলৈ ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্ৰতিমাহে ৮৩০ টকা যোগান ধৰিব। এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব ৰাজ্যৰ এনে পৰিয়ালক যিসকলৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম।
এই আঁচনিৰ প্ৰয়োগত ৰাজ্যৰ যিসকল মহিলা বিশেষভাৱে সক্ষম/বিধৱা মহিলা / বিবাহ বিচ্ছেদিত মহিলা / অবিবাহিত মহিলা / বিচ্ছিন্ন মহিলা বা বিশেষভাৱে সক্ষম মহিলা সদস্যসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
হিতাধিকাৰীৰ সকলো তথ্য বিত্ত বিভাগে এটা ডাটাবেছত সংৰক্ষণ কৰিব।
মন কৰিবলগীয়া যে যদি কোনো আবেদনকাৰীয়ে অযোগ্য হৈও এই কাৰ্যসূচীৰ পৰা লাভৱান হয়, তেন্তে এই কাৰ্যসূচীৰ অধীনত লাভ কৰা ধন পৰিশোধ কৰাৰ বাবে আবেদনকাৰীয়ে দায়বদ্ধ।
অৰুণোদয় আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠী অসম
অসম অৰুণোদয় যোজনাৰ আবেদনৰ বাবে যোগ্যতাৰ মাপকাঠী তলত উল্লেখ কৰা হৈছে ৷
বি:দ্ৰ- এই ৱেবচাইটৰ উদ্দেশ্য হৈছে চৰকাৰে চলোৱা সকলো আঁচনিৰ বিষয়ে আপোনালোকক তথ্য প্ৰদান কৰা। যদি আপুনি এই তথ্য শুদ্ধ বুলি বিবেচনা কৰে, তেন্তে আনৰ লগত শ্বেয়াৰ কৰক। ভুল হ’লে আমাক জনাব। ধন্যবাদ