চৰকাৰে গাইডলাইন প্ৰকাশ কৰিছে অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ বাবে…
চৰকাৰে চৰকাৰী-বেচকাৰী সকলো শিক্ষানুষ্ঠাৰ অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ বাবে গাইডলাইন প্ৰকাশ কৰিছে। লগতে শিক্ষা বিভাগে বিভিন্নজনৰ পৰামৰ্শ বিচাৰি প্ৰকাশ কৰিছে এই গাইডলাইন।
উল্লেখ্য যে, অহা ১ ছেপ্টেম্বৰ, ২০২০ তাৰিখৰ পৰা খোলা হ’ব পাৰে শিক্ষানুষ্ঠানসমূহ। শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিহে সিদ্ধান্ত লোৱা হ’ব।
সকলো শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাতো বাধ্যতামূলক নহয় এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাত। যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণ কৰিব বিচাৰে তেন্তে বিদ্যালয়-মহাবিদ্যালয় বা শিক্ষানুষ্ঠানৰ মুৰব্বীক এই বিষয়ে আগে অবগত কৰিব লাগিব।
শ্ৰেণী কোঠাত প্ৰতেয়কে প্ৰায় ৮ ফুট দূৰত্ব বজাই ৰাখিব লাগিব। অহা ২৩ আগষ্টৰ পৰা ৩০ আগষ্টলৈ প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰী, পঞ্চায়ত কৰ্মচাৰী তথা শিক্ষা বিভাগৰ কৰ্মচাৰীৰ বাবে ক’ভিড টেষ্টা কৰাতো বাধ্যতামূলক।
[jnews_block_2 ]