১৬ আগষ্টৰ পৰা ৰাজ্যত চলি থকা লকডাউনৰ কিছু পৰিমানে শিথিলতা…
লকডাউন সন্দৰ্ভত ৰাজ্যত নতুন নিয়ম অবলম্বন কৰা হ’ব ১৬ আগষ্টৰ পৰা। এই নিয়ম মৰ্মে বৰ্তমান চলি থকা লকডাউন কিছু পৰিমানে শিথিল কৰি দিয়া হ’ব।
এই সময় ছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব। নিশা ৯.৩০ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন অব্যহত থাকিব।
সাপ্তাহৰ শনিবাৰ আৰু দেওবাৰ দুয়োতা দিনতে লকডাউন অব্যাহত থাকিব। সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত ব্যৱস্থা বাহাল থাকিব। এই নতুন নিয়ম ১৬ আগষ্টৰ পৰা ৩১আগষ্টলৈ প্রযোজ্য হ’ব।
অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো ধৰনৰ ঘোষণা কৰা হোৱা নাই।
[jnews_block_2 ]