পূণৰ ইতিহাস ৰচিলে নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে,

পূণৰ ইতিহাস ৰচিলে নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে AHSEC Result:

এইবাৰ ৰাজ্যখনৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ১৯ গৰাকীকৈ কৃতি ছাত্র-ছাত্রীয়ে প্ৰথম ১০ টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

অসমৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ভিতৰত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়। অসমৰ অন্যতম আগশাৰীৰ এই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনে বিগত বৰ্ষ সমূহতো সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ১৯ গৰাকী ছাত্র-ছাত্ৰীয়ে কৃতিত্বৰে উত্তীৰ্ণহৈ নগাঁও জিলাৰ লগতে সমগ্র অসমত মহাবিদ্যালয় খনে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এই মহাবিদ্যালয় খনে । আজিলৈকে এখন শিক্ষানুষ্ঠানৰ পৰা এনেদৰে গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি উত্তীৰ্ণ হোৱাটো এয়ে প্ৰথম।

   আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কনিষ্ঠ মহাবিদ্যালয়খনৰ পৰা প্ৰথম ১০ টা স্থানৰ ভিতৰত বিজ্ঞান শাখাত ১২ গৰাকী আৰু কলা শাখাত ৭ গৰাকী ছাত্ৰ-ছাত্ৰী স্থান লাভ কৰিছে।

ইয়াৰে কলা শাখাত শ্ৰদ্ধা বৰগোহাঁইয়ে প্ৰথম স্থান লাভ কৰিছে।তদুপৰি প্ৰিয়াক্ষী বৰাই কলাশাখাত তৃতীয় স্থান লাভ কৰিছে, চতুৰ্থ স্থান লাভ কৰিছে জুলি বৈশ্য, পঞ্চম স্থান লাভ কৰিছে কাবেৰী কোঁচ,সপ্তম স্থান লাভ কৰিছে উদিতা ইছানী কাকতী আৰু শতাব্দী পূজাৰী,নৱম স্থান লাভ কৰিছে নম্ৰতা বৰুৱাই।একেদৰে বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰিছে সাগৰ গোৱালা,পঞ্চম স্থান লাভ কৰিছে আশীষ কুমাৰ গাৰ্গ,ষষ্ঠ স্থান লাভ কৰিছে বেনজিৎ হাজৰিকা,সপ্তম স্থান লাভ কৰিছে অম্লান জ্যোতি পেগু আৰু শ্বৱনম গুঞ্জন বৰা,অষ্টম স্থান লাভ কৰা চাৰিজন হ’ল ক্ৰমে অমিষা সিং,হিমানজলি বৰগোহাঞি,চিন্ময় নাথ আৰু মনিৰুল ইছলাম,নৱম স্থান লাভ কৰিছে উৎপলৰাজ কেমপ্ৰাই,দশম স্থান লাভ কৰিছে দুজনে ইফটিকাৰ আহমেদ আৰু অংকিতা শইকীয়া।

  উল্লেখ্য যে কাকীৰ পৰা ২০০৫ চনত আহি নগাঁও চহৰৰ আমোলাপট্টিৰ এটা ভাড়াঘৰত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি শৈক্ষিক ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰাৰ কঠোৰ পৰিশ্ৰমৰ বাবেই শিক্ষানুষ্ঠানখন আজি ৰাজ্যখনৰ উন্নত আৰু আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

 

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *